পুনৰ সেনাৰ নাম লৈ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ, ভিডিঅ’ কলৰ জৰিয়তে ব্যৱসায়ীৰ একাউন্টৰ পৰা লুটি নিলে ৭੦ হাজাৰ টকা

পুনৰ সেনাৰ নাম লৈ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ, ভিডিঅ’ কলৰ জৰিয়তে ব্যৱসায়ীৰ একাউন্টৰ পৰা লুটি নিলে ৭੦ হাজাৰ টকা

September 4, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ নতুন কৌশল ব্যৱহাৰ কৰি ৰাজ্যত লুন্ঠনৰ জাল চাইবাৰ অপৰাধীৰ।

সেনাৰ পােছাকত ভিডিঅ’ কলৰ জৰিয়তে ব্যৱসায়ীৰ একাউন্টৰ পৰা লুটি নিলে প্ৰায় ৭੦ হাজাৰ টকা।

ডিব্ৰুগড়, গুৱাহাটীৰ পিছত এইবাৰ চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ বলি হ’ল বৰপেটাৰােডৰ ব্যৱসায়ী।

জানিব পৰা মতে, বৰপেটাৰোডৰ বিজয় সূত্ৰধৰ নামৰ ব্যৱসায়ীজনৰ সৈতে সংঘটিত হ’ল এই ঘটনা।

নিজকে সৰভােগ সেনাৰ শিৱিৰৰ জােৱান বুলি পৰিচয় দি সেনাৰ পােছাক পৰিহিত চাইবাৰ অপৰাধী চক্ৰৰ সদস্যই বাৰম্বাৰ ফোন আৰু ভিডিঅ’ কল কৰি তেওঁৰ দোকানত ফিল্টাৰ ক্ৰয়ৰ প্ৰলােভন দিয়ে।

ইয়াৰ লগতে ভাল ফিল্টাৰৰ ফটাে ৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ অনুৰােধ জনালে।

সেই অনুসৰি দোকানীজনে তেওঁলোকৰ কথা অনুসৰি ফিল্টাৰৰ ফটো পঠাই দিলে।

এজন কুনাল চৌধুৰী আৰু আন এজন নিজকে কুলদ্বীপ সিং বুলি পৰিচয় দিয়া লোককেইজনে ফিল্টাৰকেইটা পছন্দ হোৱা বুলি কলে আৰু ফিল্টাৰকেইটা আৰ্মী কেম্পলৈ পঠাই দিবলৈ ক’লে।

সেই মতে ব্যৱসায়ী বিজয় সূত্ৰধৰে ৬৯,৯৯৮ টকাৰ বিলসহ কেম্পলৈ পঠাই দিলে যদিও তেওঁলোকে ফোন কৰি জনালে আপোনাক আগতে গুগুল পে’ যোগে প্রেমেন্ট কৰাৰ পিছত আমাৰ কেম্পত ফিল্টাৰকেইটা দি যাব, লগতে তেওঁক গুগুল পে’ একাউন্টটো নিশ্চিত কৰাৰ বাবে এক টকা পঠাই দিবলৈ ক’লে।

সেই অনুসৰি ব্যৱসায়ী বিজয় সূত্ৰধৰে এটকা পঠাই দিলে।

তেতিয়া তেওঁলোকে ভিডিঅ’ ফোনযোগে সুধিলে এতিয়া আপুনি পাব লগা সম্পূর্ণ টকা পালে নে নাই, ব্যৱসায়ীজনে নোপোৱা বুলি কোৱাত তেওঁক গুগুল পে’ একাউণ্টত গৈ টকাৰ পৰিমাণ মাৰি চেণ্ট কৰিলে সম্পূর্ণ টকা পাই যাব বুলি কলে ।

সেই মতে কৰাৰ পিছতেই ব্যৱসায়ী বিজয় সূত্ৰধৰৰ বেংকৰ সম্পূৰ্ণ টকা লুটি লৈ যায় হেকাৰে।