ভয়ংকৰ দুৰ্ঘটনা! আৰক্ষীৰ বলেৰ’ বাহনৰ খুন্দাত ক্ষতিগ্ৰস্ত দুখন বাহন, গুৰুতৰভাৱে আহত দুই…

তেজপুৰ মহাভৈৰৱ মন্দিৰৰ সমিপত ভয়ংকৰ পথ দুৰ্ঘটনা।

আৰক্ষীৰ বলেৰ’ বাহনৰ খুন্দাত ক্ষতিগ্ৰস্ত দুখন বাহন।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুজন লোক।

জানিব পৰামতে আৰক্ষীৰ বলেৰ’ বাহনখনে এখন AS12BC5806 নম্বৰৰ এখন মালবাহী মেজিকক পিছফালৰ প্ৰচণ্ড খুন্দা মাৰে ফলত মেজিক বাহনখনে আন এখন AS12K6589 নম্বৰৰ হোণ্ডাই বাহন এখনত খুন্দা মাৰে।

দুৰ্ঘটনাত মালবাহী মেজিক আৰু হোণ্ডাই বাহনখনৰ যথেষ্ট ক্ষতি হয়।

এই ভয়ংকৰ দুৰ্ঘনটাটোত মেজিক চালকজনসহ দুজন লোক গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Comment