ৰাইজৰ খেদাত দুৰ্ঘটনাত পতিত ছাগলী চােৰৰ বাহন, মৃত ১

ৰাইজৰ খেদাত দুৰ্ঘটনাত পতিত ছাগলী চােৰৰ বাহন, মৃত ১

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ ছাগলী চুৰি কৰিবলৈ আহি বিপদত পৰিল সন্দেহজনক ছাগলী চােৰৰ দল।

ছাগলী চুৰি কৰিবলৈ গৈ ৰাইজৰ খেদাত পলায়ন কৰা বাহন দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিল এজনৰ।

এই ঘটনা সংঘটিত হ’ল ওদালগুৰিত।

এই দুৰ্ঘটনাত আহত হয় গাড়ীখনত থকা আন ৩ জন লোক।

জানিব পৰা মতে, ওদালগুৰিৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত আমলাইগুৰিত সংঘটিত হয় এই দুৰ্ঘটনা।

স্থানীয় লােকে প্ৰকাশ কৰা অনুসৰি, চাৰি ছাগলী চোৰে এখন হোণ্ডা চেণ্ট্ৰ’ বাহনত চুৰি কৰি নিছিল ছাগলী।

কিন্তু তেওঁলােকক ৰাইজৰে পহুখেদা দিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন দোকানৰ পকী খুঁটাত খুন্দা মাৰি চাহ বাগিচাত উফৰি পৰে AS-01J-9628 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ’ বাহনখন।

হৰিশিঙাৰ এঘৰ লোকৰ পৰা ছাগলী চুৰি কৰি পলায়ন কৰিছিল এই দলটােৱে।

দুৰ্ঘটনাত এজন চোৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত আন তিনিটা গভাইত চোৰক ৰাইজে ততাতৈয়াকৈ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰামতে আটাইকেইজন চোৰৰ ঘৰ হাতীগড় চাহ বাগিচাত।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।