ৰাবাৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা…

যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ। মেঘালয়ৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে কৰিছে জুই নিৰ্বাপনৰ চেষ্টা। বহু সা-সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ।

চাঞ্চল্যকৰ! সন্তানৰ সন্মুখতে মাতৃক নৃশংসভাৱে হত্যা অচিনাকী দুৰ্বৃত্তৰ…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সন্তানৰ সন্মুখতে মাতৃক নৃশংসভাৱে হত্যা অচিনাকী দুৰ্বৃত্তৰ। মহালয়াৰ সন্ধিয়া নগাঁৱৰ হৰিজন কলনিত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড। অজ্ঞাত ঘাতকে ঘৰৰ ভিতৰতে চুৰিৰে ডিঙি ৰেপি হত্যা কৰা হৈছে মহিলাগৰাকীক। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ৰূমী দত্ত জানিব পৰা গৈছে। জানিব পৰা মতে সন্ধিয়া নিজ ঘৰত ৰূমী দত্ত, বৃদ্ধ শাহু আৰু ১১ বছৰীয়া সন্তানৰ সৈতে … Read more

ভয়ংকৰ দুৰ্ঘটনা! মালবাহী মেজিকত বলেৰ’ পিকআপৰ প্ৰচণ্ড খুন্দা, থিতাতে নিহত দুই মহিলা

এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী মেজিকত বলেৰ’ পিকআপে খুন্দিওৱাৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু। তিনিচুকীয়া জিলাৰ লংছোৱালৰ গুৰুকুলৰ সমীপত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ উপৰি গুৰুত্বৰভাৱে আহত হয় আন দুগৰাকী মহিলা। জানিব পৰা মতে মহিলা কেইগৰাকীয়ে সপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি তিনিচুকীয়ালৈ উভতি গৈ থকাৰ পথে দুৰ্ঘটনাটো … Read more

নৈত উটি অহা এমহীয়া হাতী পোৱালি উদ্ধাৰ বন বিভাগৰ…

চিৰাঙত নৈত উটি অহা এমহীয়া হাতী পোৱালি এটা উদ্ধাৰ কৰে বন বিভাগে ৷  ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ অন্তৰ্গত বান্ধুগুৰিত কণমানি বনৰীয়া হাতীৰ পোৱালি এটি বন বিভাগৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰায় এমহীয়া মতা হাতী পোৱালিটো দুপৰীয়াৰ ভাগত স্থানীয় ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা দেখিছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগ লোক … Read more

শোকাৱহ! ৰে’লৰ খুন্দাত মৃত্যুক সাৱটিলে সভ্যাই, অঞ্চলজুৰি শোকৰ ছাঁ…

এক শোকাৱহ ঘটনা। ৰে’ল খুন্দাত মৃত্যুক সাৱটিলে এগৰাকী যুৱতীয়ে। কামৰূপ জিলাৰ বকোত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। বকো থানাৰ অন্তৰ্গত ২নং দক্ষিণ ছেখাদাৰী গাঁৱৰ সভ্যা ৰাভা (২৩) নামৰ যুৱতীৰ মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে, ২নং দক্ষিণ ছেখাদাৰীগাঁৱৰ সভ্যা ৰাভা (২৩) নামৰ যুৱতী গৰাকীয়ে ১নং দক্ষিণ ছেখাদাৰীগাঁৱৰ যুৱক প্ৰিয়দেৱ ৰাভালৈ পলাই যায়। … Read more

সোপাধৰাৰ উৰা বাতৰি বিয়পাই আৰক্ষীৰ জালত দুজন…

অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো একাংশ লোকৰ মাজত বিয়পিছে সোপাধৰাৰ উৰাবাতৰি। যোৰহাট আৰক্ষীয়ে এনে ঘটনাৰে জড়িত তথা ছচিয়েল মিডিয়া বা আন কোনো মাধ্যমেৰে সোপাধৰাৰ উৰাবাতৰি বিয়পাবলৈ বিচৰা লোকৰ ওপৰত গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। সোপাধৰাৰ উৰা বাতৰি বিয়পোৱাৰ অভিযোগত যোৰহাট আৰক্ষীৰ জালত পৰিছে দুজন। বৃহস্পতিবাৰে নিশা যোৰহাটৰ মিছন হাস্পতালৰ সমীপত এজন অচিনাকী যুৱকক কেইজনমান যুৱকে সোপাধৰা … Read more

শোকাৱহ! পথৰ দাঁতিত থিয় হৈ থাকোতে ক্ৰেণে মহতীয়াই নিলে পঞ্চায়ত সদস্যক, মৃত্যু…

এক শোকাৱহ দুৰ্ঘটনা। পথৰ দাঁতিত থিয় হৈ থাকোতে ক্ৰেণে মহতীয়াই নিলে এগৰাকী পঞ্চায়ত সদস্যক। নিহত লোকজন নলবাৰীৰ ১২ নং বৰিডটাৰা গাঁও পঞ্চায়তৰ সদস্য বাপন কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰামতে, নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মিয়মাণ মেডিকেল কলেজৰ ডাকাম কৰা গৌতম কনষ্ট্ৰাক্ছনৰ এখন ক্ৰেণে মহতীয়াই নিয়ে বাপনক। ফলত থিতাতে নিহত হয় বাপন কলিতা নামৰ বিজেপিৰ পঞ্চায়ত … Read more

বন বিভাগৰ অভিযানত জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা…

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ সফল অভিযান। জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা। ছয়গাঁৱৰ গৰৈমাৰীৰ টপাৰপথাৰত বন বিভাগৰ অভিযানত জব্দ হৈছে চোৰাং শাল কাঠৰ কুণ্ডাখিনি। নগৰবেৰা আৰু গৰৈমাৰী বন বিভাগৰ লোকে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে এই শাল কাঠখিনি। জব্দকৃত কাঠখিনি কোনে ক’ৰপৰা আনি তেনেদৰে লুকুৱাই ৰাখিছিল সেই … Read more

ৰে’লযোগে বহিঃৰাজ্যলৈ নিয়াৰ পথত বীৰ লাচিত সেনাৰ সদস্যৰ হাতত জব্দ ৭ বস্তা শামুক…

নগাঁও জিলাৰ কামপুৰ ৰে’ল ষ্টেচনত শামুক জব্দ। ডিমাপুৰলৈ ৰে’ল যোগে নিয়াৰ পথতে বীৰ লাচিত সেনাৰ সদস্যই জব্দ কৰে শামুক খিনি। অৱশেষথ জব্দকৃত ৭ বস্তা শামুক কামপুৰ আঞ্চলিক বন বিভাগৰ হাতত গতাই দিয়ে লাচিত সেনাৰ সদস্য সকলে। উল্লেখযোগ্য যে, ডিমাপুৰত ১ কেজি শামুক ৩০ৰ পৰা ৪০ টকাত বিক্ৰী হয়। অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা শামুক এৰি পলায়ন … Read more

চাঞ্চল্যকৰ! কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী, পৰিয়ালত হাহাকাৰ

এক চাঞ্চল্যকৰ ঘটনা। কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী। চামগুৰি পশ্চিম শালপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, তিনিদিন ধৰি সন্ধানহীন হৈ আছে পশ্চিম শালপাৰাৰ চজিনা বেগম নামৰ এগৰাকী বোৱাৰী। পশ্চিম শালপাৰাস্থিত স্বামীগৃহৰ পৰা নিৰুদ্দিষ্ট হৈ আছে মহিলাগৰাকী। স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছৰে পৰাই চজিনা বেগম নামৰ মহিলাগৰাকী সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে … Read more